"সাহিত্য ডট্ অৰ্গ" অসমীয়া ইউনিক'ডত লিখা মেলা কৰাৰ এক মুকলি মঞ্চ , এটা
বৌদ্ধিক আন্দোলন ৷ পুনৰ নৱীকৰণ হ'ল ৷ পঢ়ক আৰু পঢ়ুৱাওক !
 http://www.xahitya.org/সাহিত্য ডট অৰ্গৰ বিষয়ে দুআষাৰ
তথ্য-প্ৰযুক্তিৰ অনবদ্য অৱদানেৰে মুখৰিত প্ৰতিযোগিতামুখৰ আজিৰ পৃথিৱীখনত ভাষা
এটাৰ স্বকীয় চিনাকিৰ বাবে ইণ্টাৰনেটত ভাষাটোৰ বহুল প্ৰচলন হোৱাটো সময়ৰ
আহ্বান হৈ পৰিছে৷ ইণ্টাৰনেটজগতত পৰ্য্যাপ্ত  আধিপত্য নাথাকিলে ভাষা এটাক
জীয়াই ৰখাত বা এক বিশ্বজনীন চিনাকি দিয়াটো অচিৰেই কঠিন হৈ পৰিব ৷ এই
ক্ষেত্ৰত সঠিক অৰ্থত এক গ্ৰহণযোগ্য ব্যৱস্থা হৈছে ইউনিক’ডত লেখা-মেলা কৰা৷
ইয়াৰ অংশ হিচাপেই ২০১০ চনৰ শেষৰ ফালে ইণ্টাৰনেটৰ যোগেদি সামাজিক আদান-প্ৰদান
সঁজুলি (ছ’চিয়েল নেটৱৰ্কিং চাইট ) ফে’চবুকত অসমীয়া ইউনিক’ড লিপিত লিখিব বা
পঢ়িব পৰা এক সৰু কাৰ্য্যসূচীৰ আৰম্ভ কৰা হৈছিল৷ নাম আছিল ‘অসমীয়াত কথা বতৰা’
৷ এই গোটতোৰ মঞ্চ আজি সহস্ৰাধিক সদস্যই আগবঢ়োৱা নিত্য-নতুন সমলেৰে উপচি পৰিছে
৷ দেশে-বিদেশে সিঁচৰিত হৈ থকা অসম আৰু অসমীয়াক ভাষাক ভাল পোৱা সকলোকে একত্ৰিত
কৰি ইণ্টাৰনেটৰ জগতখনত অসমীয়া ভাষাৰ বাবে কিবা অলপ কৰাৰ বাবে
অনানুষ্ঠানিকভাৱে আৰম্ভ হোৱা “অসমীয়াত কথা-বতৰা” ফে’চবুক
গোটটোৱে ইতিমধ্যে যথেষ্ট সৃষ্টিশীল সময় অতিক্ৰম কৰিছে৷

সাহিত্য ডট্ অৰ্গ' হৈছে 'অসমীয়াত কথা-বতৰা' ফে'চবুক গোটৰ উদ্যোগত অসমীয়া
ইউনিক'ডত লিখা মেলা কৰাৰ এক মুকলি মঞ্চ , এটা বৌদ্ধিক আন্দোলন৷ সম্পূৰ্ণ
বিনামূলীয়া এই মঞ্চত কাৰো ব্যক্তিগত অধিকাৰ নাথাকিব৷ খৰতকীয়া প্ৰকাশ আৰু পাঠকৰ
চলন্ত মতামতৰ ব্যৱস্থাৰে ইয়াক নতুন লেখক-লেখিকাৰ বাবে কমাৰশাল স্বৰূপে গঢ়ি
তোলাৰ চেষ্টা কৰা হৈছে ৷ সাহিত্য-ডট্-অৰ্গ হ'ব সাধাৰণ ৰাইজৰ বাবে , সাধাৰণ
ৰাইজৰ দ্বাৰা পৰিচালিত সকলো সদস্যৰ এক উমৈহতীয়া মঞ্চ ৷ সাহিত্য-ডট্-অৰ্গ হ'ব
ছপা মাধ্যম আৰু ইণ্টাৰনেটৰ মনিকাঞ্চন সংযোগ । ইয়াৰ পৰা কিছু বিশেষ লিখনি অসমৰ
কেবাখনো প্ৰতিস্থিত কাকত আলোচনীয়ে প্ৰকাশৰ বাবে গ্ৰহণ কৰি নতুন লিখকক উৎসাহিত
কৰিব বুলি প্ৰতিশ্ৰুতি দিছে ৷

-- 
Pankaj Barah
_______________________________________________
assam mailing list
assam@assamnet.org
http://assamnet.org/mailman/listinfo/assam_assamnet.org

Reply via email to